Sunday, August 18, 2013

কামপুৰ

অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত । নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত । কামপুৰ এখন উন্নত ঠাই । ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায় । অতীতৰ পৰাই কামপুৰ কাৰ্বি-আংলং জিলাৰ দুৱাৰ স্বৰূপ হৈ আছে । কামপুৰ পৰা ২০ কিঃমিঃ দক্ষিণেই কাৰ্বি-আংলং জিলাৰ সীমা । ইংৰাজী ১৯৬০-৬৫ চনৰ ভিতৰত কপিলী নৈৰ ওপৰেৰে দিয়া পকী দলঙে পাহাৰীয়া জিলা খনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে । কামপুৰ চক্ৰৰ মাটি-কালি ১৪৩’১৭ বৰ্গমাইল । কামপুৰ মৌজাত ১৩৫ খন গাওঁ আছে। এসময়ত কামপুৰ চাৰ্কোল অসমৰ ভিতৰতে সৰ্ববৃহৎ চাৰ্কোল আছিল আৰু ই লামডিং পৰ্যন্ত সামৰি লৈছিল । ২০১১ চনৰ লোক-পিয়ল অনুসৰি কামপুৰ জনসংখ্যাৰ ৯৪,৮৪৪ জন পুৰুষ আৰু ৯০,২৪৩ জন মহিলা, তথা সৰ্বমুঠ ১৮৫,০৮৭ জন জনসংখ্যা আছে ।

কামপুৰ নামৰ উৎপত্তি
কামপুৰ নামটোৰ উৎপত্তি সম্পৰ্কত কেইবাটাও জনশ্ৰুতি আছে । যেনে-
১. ডিমাচা কছাৰী ভাষাত ‘খাম’ মানে ‘কোনো ঠাই অধিকাৰ কৰা’, ‘বহা’ বুজায় । ‘পুৰ’ মানে শাৰী শাৰীকৈ গাঁও পাতি বসতি স্থাপন কৰা বুজায় । পুৰ মূলত সংস্কৃত শব্দহে । গতিকে খাম+পুৰ > কামপুৰ হব পাৰে । উল্লেখযোগ্য যে পূৰ্বে কামপুৰ কছাৰী পাৰ নামেৰেহে জনাজাত আছিল । খামপুৰ > কামপুৰ শব্দই কছাৰী সকলে কপিলী নৈৰ পাৰত বসতি স্থাপনৰ ইংগিত দিয়ে ।
২. আন এক কিংবদন্তি মতে মহাভাৰতৰ যুগত এই অঞ্চলতেই দ্বিতীয় পাণ্ডৱ ভীমৰ লগত হিড়িম্বদাৰ আৰু অৰ্জুনৰ লগত প্ৰমীলা সুন্দৰীৰ কামনা পূৰ্ণ হৈছিল বাবেই এই অঞ্চলৰ নাম কামপুৰ নামে প্ৰখ্যাত হৈছিল ।

ৰেলপথ
কামপুৰ অঞ্চলৰ মাজ মজিয়াতে স্থাপন হৈছে ৰেল আস্থান, যি গুৱাহাটী ৰেল আস্থানৰ পৰা প্ৰায় ২ ঘন্টাৰ দূৰত্ব আৰু কিলোমিটাৰ হিচাপে ১১৫ । নাম কামপুৰ ৰেলোৱে ষ্টেচন (ষ্টেচন ক'ড-KWM) । এই কামপুৰ ৰেল আস্থানত অসমৰ মাজেৰে যোৱা প্ৰায় কেইখন ৰেল ৰখোৱা হয় । মূলতঃ বি.জি. এক্সপ্ৰেছ (১৫৬৬৬), গুৱাহাটী ইন্টাৰচিটি (১৫৬০৬), ইন্টাৰচিটি এক্স (১৫৬০৪), ব্ৰহ্মপুত্ৰ মেইল (১৪০৫৫), ইন্টাৰচিটি এক্সপ্ৰেছ (১৫৭১৮), লামডিং কামাখ্যা যাত্ৰীবাহী (৫৫৬০২), লামডিং-আলিপুৰযোৱাৰ এক্স (১৫৪৭০) আদি ।


কামপুৰ চিকিৎসালয়
  • কামপুৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়
  • কামপুৰ পুৰনা চিকিৎসালয়
উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান
  • কামপুৰ মহাবিদ্যালয়
  • কামপুৰ উচ্চত্তৰ মাধ্যমিক ও বহুমুখী বিদ্যালয়
  • কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়
  • পূব কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন কামপুৰ
  • কামপুৰ ছোৱালি স্কুল
  • মাধৱ কন্দলী কনিষ্ঠ মহাবিদ্যালয়, কামপুৰ
  • ডেফডিল ইংলিশ স্কুল
  • গুৰুকুল ইংলিশ স্কুল
কামপুৰৰ ধৰ্মীয় অনুষ্ঠান
  • শ্ৰী শ্ৰী মাধৱ থান
  • কামপুৰ কেন্দ্ৰীয় নামঘৰ
  • ৰতনাৱলী থান
  • ছেন্ডিকেট শিৱ মন্দিৰ
  • পুজাবাৰী মন্দিৰ
  • ৰেল গেট শিৱ মন্দিৰ