চাকৰিৰপৰা অৱসৰ লোৱা ১৬ গৰাকী লোক । সকলোৰে বয়স ৬০১ ঊৰ্ধ্বৰ । বিভিন্ন চাকৰিত জড়িতৰ পিছত আটাইকেইজনে অৱসৰ লৈছে । ইয়াৰে কোনোজনে সৈন্য বাহিনীত, কোনোজনে বায়ুসেনাত, কোনোজন আকৌ প্ৰধান শিক্ষক বা আৰক্ষী বিষয়াও আছিল । এই ষোল্লজন লোকেই এতিয়া নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে । নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট মৌজাৰ এটি বানপীড়িত অঞ্চল চাংচকী । এই চাংচকী অঞ্চলৰে অৱসৰপ্ৰাপ্ত ষোল্লগৰাকী লোকে চলিত বছৰৰ জানুৱাৰী মাহত এটা আত্মসহায়ক গোটৰ জন্ম দিয়ে । গোটটোৰ নাম দিয়ে কপিলী উদ্যোগী আত্মসহায়ক গোট । গোটটোৰ জন্ম দিয়াৰ উদ্দেশ্যে আছিল নিজে আৰ্থিকভাৱে টনকিয়াল হোৱাৰ লগতে নৱপ্ৰজন্মক স্বাৱলম্বী কৰা । সেয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত এই আত্মসহায়ক গোটটোৱে শালিধানৰ খেতি কৰাৰ বাবে মন মেলে । তেওঁলোকে ৪৫ বিঘা মাটিত বাও ধানৰ বীজ সিঁচিছিল যদিও প্ৰথমটো বানে সকলো খেতি নষ্ট কৰি পেলোৱাত পুনৰ ধুচুৰী ধানৰ বীজ পথাৰত সিঁচি বৰ্তমান তেওঁলোকে প্ৰায় ৪০০ মোন ধান উৎপাদন কৰিব পাৰিব বুলি কয় । উল্লেখ্য যে চৰকাৰৰ কৃষি বিভাগে আত্মসহায়ক গোটটোক বীজ যোগান ধৰিছিল যদিও বানৰ ফলত সকলোখিনি বীজেই নষ্ট হৈ যায় । এই সন্দৰ্ভত গোটটোৰ অন্যতম সদস্য তথা প্ৰাক্তন আৰক্ষী বিষয়া ভোগেশ্বৰ শইকীয়াই জানিবলৈ দিয়ে যে গোটৰ নিজা সদস্যসকলৰ উপৰি তেওঁলোকৰ কৃষিকাৰ্যত আন বহুকেইজন কৃষি বনুৱা হিচাপে জড়িত কৰিছে । আন এজন সদস্যই জানিবলৈ দিয়া মতে তেওঁলোকে নৱপ্ৰজন্মক চাকৰিৰ আশা ত্যাগ কৰি কৃষি কাৰ্যৰদ্বাৰাও যে মানুহ স্বাৱলম্বী হ’ব পাৰে তাক প্ৰতিপন্ন কৰিবলৈকে অৱসৰৰ পিছলৈ কৃষিকাৰ্যত জড়িত হৈ পৰিছে । উল্লেখ্য যে কপিলী আত্মসহায়ক গোটে পাঁচ বিঘা মাটিত পুখুৰী খান্দি মৎস্য পালন কৰাৰো আঁচনি গ্ৰহণ কৰিছে । সমাজত যিখিনি সময়ত ভয়াৱহ নিবনুৱা সমস্যাই গা কৰি উঠিছে তেনে সময়ত গোটৰ এজন সদস্যই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে চৰকাৰে বি পি এল অন্ন সুৰক্ষা অন্ত্যোদয়া চাউল দুখীয়া ৰাইজৰ মাজত প্ৰৱৰ্তন কৰি মানুহক এলেহুৱা হোৱতহে সহায় কৰিছে । উল্লেখ্য যে নিবনুৱাসকলৰ স্বাৱলম্বনৰ নিদৰ্শন হৈ পৰা এই অৱসৰপ্ৰাপ্ত লোকসকলৰ কৰ্মৰাজিক কামপুৰীয়া ৰাইজে প্ৰশংসা কৰিছে ।
সবিশেষ: http://janasadharan.in/beta/news/getPrev?id=631&catagory=5
সবিশেষ: http://janasadharan.in/beta/news/getPrev?id=631&catagory=5
No comments:
Post a Comment